আফগানিস্তান ভূমিকম্পত মৃতকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি।
মনোজ গগৈ
আজি পুৱা সংঘটিত হোৱা আফগানিস্তান ভূমিকম্পত বৰ্তমানলৈকে ৯২০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে আফগানিস্তানৰ চৰকাৰী সূত্রই। বহুলোক বৰ্তমানেও ধংসস্তুভৰ মাজত আবদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে। উদ্ধাৰ অভিযান তীব্র কৰি তোলা হৈছে আৰু উদ্ধাৰ অভিযানত হেলিকপ্টাৰ ব্যবহাৰ কৰা হৈছে। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৯ আছিল আৰু আফগানিস্তানৰ লগতে পাকিস্তানৰ ৰাজধানী ইচলামাবাদ আৰু কেবাখনো চহৰত জোকাৰণি অনুভূত হয়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন