মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাৰী চৰকাৰত অথন্তৰ। ৩৫ বিধায়কৰ সমৰ্থনসহ শিৱসেনাৰ মন্ত্রী একনাথ সিন্ধেৰ গুজৰাটৰ চুৰাতৰ পঞ্চতাৰকা হোটেলত বাহৰ।

 মনোজ গগৈ

মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্রী উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাৰী মৰ্চা চৰকাৰখন তীব্র সংকটত পৰিছে শিৱসেনা, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি আৰু কংগ্রেছ দলে যৌথ ভাবে চলাই অহা চৰকাৰখনৰ শিৱসেনাৰ মন্ত্রী তথা বালাচাহেব থাকৰে পৰম ভক্ত একনাথ সিন্ধেই চৰকাৰখনৰ বিৰোধ কৰি বৰ্তমান বিজেপি শাসিত গুজৰাটৰ চুৰাতৰ এখন পঞ্চতাৰকা হোটেলত আশ্ৰয় লৈ আছে তেওঁৰ লগত আছে চৰকাৰখনৰ ৩৫ জন মন্ত্রী বিধায়ক ইফালে সিন্ধেৰ সৈত যাতে সংযোগ স্থাপন কৰিব নোৱাৰে তাৰ বাবে আজি বিয়লিলৈকে তেওঁৰ ফোন বন্ধ কৰি ৰাখিছে

ইয়াকে লৈ মহাৰাষ্ট্ৰ চৰকাৰখনত হৈ চৈ সৃষ্টি হৈছে মূখ্যমন্ত্রী উদ্ধৱ থাকৰে তেওঁৰ আৱাসগৃহত আজি দুপৰীয়া দলৰ বিধায়ক সকলক লৈ এখন সভা আয়োজন কৰে যদিও জানিব পৰা মতে এই সভাত মাত্ৰ ১৯ গৰাকী বিধায়কহে  উপস্থিত থাকে ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিজেপিৰ মূখ্যমন্ত্রী দেবেন্দ্র ফাডনভিচে এই ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যাবেশন কৰি পুৱাৰ ভাগতে দিল্লীলৈ ৰাওনা হয় আৰু তাত কেন্দ্রীয় গৃহ মন্ত্রী অমৃত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাদ্দা সৈতে মিলিত হয় লগতে বিয়লিলৈ তেওঁ চুৰাত অভিমূখে ৰাওনা হেৱাৰ কথা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি অধ্যক্ষ শাৰদ পাৱাৰ এক সংবাদ মেলৰ যোগেদি জনাইছে যে এইয়া শিৱসেনাৰ সম্পূর্ণ ব্যক্তিগত ঘটনাক্ৰম

উদ্ধৱ থাকৰেৰ শিৱসেনাই নিৰ্বাচনৰ পূর্বে থকা মিত্রতা জলাঞ্জলি দি কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি সৈতে মিত্ৰতা স্হাপন কৰি মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ মত আওকান কৰি এই দল দুটাৰ সৈতে চৰকাৰ বনাইছিল

মহাৰাষ্ট্ৰত বৰ্তমান ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে নিশা : ৩০ বজাত মিত্র দলকেইটাৰ বৈঠক হব ইফালে শিৱসেনাৰ কৰ্ম কৰ্তা সকলে একনাথ সিন্ধেৰ বিৰোধ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণে হয়তো ৰক্ষা কৰিব নোৱাৰিব মহা  আঘাৰী চৰকাৰক কাৰণ বিজেপি এই সময়খিনিক পৰ্যালোচনা কৰি কেতবোৰ নেতাৰ দৌৰা দৌৰি আৰম্ভ হৈছে

 

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

মহাৰাষ্ট্ৰ চৰকাৰত ভূমিকম্প। ৪৫ বিধায়কৰ সমৰ্থন সহ একনাথ সিন্ধে গুৱাহাটীৰ ৰিডিচন ব্লু হোটেলত।

দ্ৰুপদী মুৰ্মু এনডিএ -ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

আফগানিস্তান ভূমিকম্পত মৃতকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি।