২৭ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল সমূহ ২৭ জুন তাৰিখে ঘোষনা হব। এই কথা টুইটাৰ যোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিজ্ঞান, কলা আৰু বাণিজ্য এই আটাইকেইটা শাখাৰ ফলাফল ঘোষণা হ'ব সেইদনা পুৱা ৯:০০ বজাত। পৰীক্ষাৰ্থী সকলে নিজৰ নিজৰ ৰোল নাম্বৰৰ সহায়ত www.ahsec.assam.gov.in www.resultsassam.nic.in আৰু অন্যান্য ৰিজাল্ট সম্পকীয় ৱেবচাইটত ফলাফল লাভ কৰিব পাৰিব।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন