পোস্টগুলি

জুন, ২০২২ থেকে পোস্টগুলি দেখানো হচ্ছে

২৭ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল সমূহ ২৭ জুন তাৰিখে ঘোষনা হব । এই কথা টুইটাৰ যোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিজ্ঞান , কলা   আৰু বাণিজ্য এই আটাইকেইটা শাখাৰ ফলাফল ঘোষণা হ'ব সেইদনা পুৱা ৯ : ০০ বজাত । পৰীক্ষাৰ্থী সকলে নিজৰ নিজৰ ৰোল নাম্বৰৰ সহায়ত   www. ahsec.assam.gov.in   www.resultsassam.nic.in আৰু অন্যান্য ৰিজাল্ট সম্পকীয় ৱেবচাইটত ফলাফল লাভ কৰিব পাৰিব ।

আফগানিস্তান ভূমিকম্পত মৃতকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি।

মনোজ গগৈ আজি পুৱা সংঘটিত হোৱা আফগানিস্তান ভূমিকম্পত বৰ্তমানলৈকে ৯২০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে আফগানিস্তানৰ চৰকাৰী সূত্রই । বহুলোক বৰ্তমানেও ধংসস্তুভৰ মাজত আবদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে । উদ্ধাৰ অভিযান তীব্র কৰি তোলা হৈছে আৰু উদ্ধাৰ অভিযানত হেলিকপ্টাৰ ব্যবহাৰ কৰা হৈছে । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫ . ৯ আছিল আৰু আফগানিস্তানৰ লগতে পাকিস্তানৰ ৰাজধানী ইচলামাবাদ আৰু কেবাখনো চহৰত জোকাৰণি অনুভূত হয় । আফগানিস্তানত ৫.৯প্ৰৱল্যৰ ভূমিকম্প। ২৫৫ জনৰ মৃত্যু।।

আফগানিস্তানত ৫.৯প্ৰৱল্যৰ ভূমিকম্প। ২৫৫ জনৰ মৃত্যু।।

মনোজ গগৈ । আজি পুৱা আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । প্ৰাপ্ত খৱৰ অনুসৰি খষ্ট চিটি পৰা ৪৪ কিলোমিটাৰ নিলগৰ অভিকেন্দ্ৰত সংঘটিত এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত  ৫.৯  প্ৰাবল্য আছিল । এই ভূমিকম্পৰ জোকাৰণি পাকিস্তানৰ লাহোৰকে ধৰি কেবাখন চহৰত অনুভূত হয় । বৰ্তমানলৈকে ভূমিকম্পৰ ফলত  ২৫৫ গৰাকী লোকৰ মৃত্যু হোৱা বুলি আফগানিস্তানৰ স্থানীয় সংবাদৰ পৰা জানিব পৰা গৈছে। হতাহতৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। 

মহাৰাষ্ট্ৰ চৰকাৰত ভূমিকম্প। ৪৫ বিধায়কৰ সমৰ্থন সহ একনাথ সিন্ধে গুৱাহাটীৰ ৰিডিচন ব্লু হোটেলত।

মনোজ গগৈ । মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাৰী চৰকাৰৰ বিসম্বাদী মন্ত্রী একনাথ সিন্ধেই আজি পুৱা ৪৫ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত থকা বুলি দাবী কৰিছে । কালি সন্ধ্যালৈ তেওঁৰ সমৰ্থিত বিধায়ক সকলক লৈ গুজৰাটৰ চুৰাতত বাহৰ পাতি থকাৰ পিছত অন্য এখন বিজেপি শাসিত ৰাজ্য অসমৰ গুৱাহাটীলৈ আহে আৰু ৪২ গৰাকী বিধায়কক লৈ হোটেল ৰেডিচন ব্লু থাকে । আজি পুৱাৰ দাবী অনুসৰি তেওঁৰ সমৰ্থনত ৪৫ গৰাকী বিধায়ক আছে । কেৱল শিৱসেনাৰ বিধায়কে নহয় এনচিপি আৰু কংগ্রেছ দলৰো এজনকৈ বিধায়ক আহি আজি গুৱাহাটীত সংগ দিয়াৰ কথা । একনাথ সিন্ধেই আজি গুৱাহাটীৰ হোটেলতে আগন্তুক ৰণকৌশল তৈয়াৰ কৰাৰ সম্ভাবনা । মহাৰাষ্ট্ৰত চৰকাৰ বনোৱাক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে । বিজেপিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মূখ্যমন্ত্রী দেবেন্দ্র ফাডনভিচে ইতিমধ্যে বিজেপিৰ সকলো বিধায়কক মুম্বাইত আজি উপস্থিত হবলৈ আহ্বান জনাইছে । ইফালে আঘাৰী চৰকাৰখনৰ দলৰ নেতা সকলৰ ক্ৰমে কংগেছৰ গোলাম নৱী আজাদ , এনচিপিৰ শাৰদ পাৱাৰ আৰু শিৱসেনাৰ নেতা তথা মূখ্যম...

দ্ৰুপদী মুৰ্মু এনডিএ -ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

মনোজ গগৈ আজি সন্ধ্যা ৯ : ৩০ বজাত এক সংবাদ মেল যোগে ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাদ্দাই শাসনাধীষ্ঠ নেচনেল ডেম ’ ক্রেটিক এলাইঞ্চৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাবে দ্ৰুপদী মুৰ্মু, ৬৪,ক মনোনীত কৰে । ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰুপদী মুৰ্মু   আদিবাসী সমাজৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ পথত আগবঢ়াইছে এনডিএ ই । এই সিদ্ধান্তৰ বাবে বিজেপি য়ে এনডিএ ৰ আটাইকেইটা সহযোগী দলৰ সৈতে আলোচনা কৰি সহমতত উপনীত হয় । ইফালে ইউপিএ তথা বিৰোধী দলসমূহে যশোবন্ত সিন্হা ক মনোনীত কৰিছে । উল্লেখ্য যে যোৱা ১৫ জুনত নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছিল ।