দ্ৰুপদী মুৰ্মু এনডিএ -ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
মনোজ গগৈ
আজি সন্ধ্যা ৯: ৩০ বজাত এক সংবাদ মেল যোগে ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাদ্দাই শাসনাধীষ্ঠ নেচনেল ডেম’ক্রেটিক এলাইঞ্চৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাবে দ্ৰুপদী মুৰ্মু, ৬৪,ক মনোনীত কৰে। ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰুপদী মুৰ্মু আদিবাসী সমাজৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ পথত আগবঢ়াইছে এনডিএ ই। এই সিদ্ধান্তৰ বাবে বিজেপি য়ে এনডিএ ৰ আটাইকেইটা সহযোগী দলৰ সৈতে আলোচনা কৰি সহমতত উপনীত হয়।
ইফালে ইউপিএ তথা বিৰোধী দলসমূহে যশোবন্ত সিন্হা ক মনোনীত কৰিছে।
উল্লেখ্য যে যোৱা ১৫ জুনত নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছিল।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন