মহাৰাষ্ট্ৰ চৰকাৰত ভূমিকম্প। ৪৫ বিধায়কৰ সমৰ্থন সহ একনাথ সিন্ধে গুৱাহাটীৰ ৰিডিচন ব্লু হোটেলত।

মনোজ গগৈ

মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাৰী চৰকাৰৰ বিসম্বাদী মন্ত্রী একনাথ সিন্ধেই আজি পুৱা ৪৫ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত থকা বুলি দাবী কৰিছে কালি সন্ধ্যালৈ তেওঁৰ সমৰ্থিত বিধায়ক সকলক লৈ গুজৰাটৰ চুৰাতত বাহৰ পাতি থকাৰ পিছত অন্য এখন বিজেপি শাসিত ৰাজ্য অসমৰ গুৱাহাটীলৈ আহে আৰু ৪২ গৰাকী বিধায়কক লৈ হোটেল ৰেডিচন ব্লু থাকে আজি পুৱাৰ দাবী অনুসৰি তেওঁৰ সমৰ্থনত ৪৫ গৰাকী বিধায়ক আছে কেৱল শিৱসেনাৰ বিধায়কে নহয় এনচিপি আৰু কংগ্রেছ দলৰো এজনকৈ বিধায়ক আহি আজি গুৱাহাটীত সংগ দিয়াৰ কথা একনাথ সিন্ধেই আজি গুৱাহাটীৰ হোটেলতে আগন্তুক ৰণকৌশল তৈয়াৰ কৰাৰ সম্ভাবনা

মহাৰাষ্ট্ৰত চৰকাৰ বনোৱাক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে বিজেপিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মূখ্যমন্ত্রী দেবেন্দ্র ফাডনভিচে ইতিমধ্যে বিজেপিৰ সকলো বিধায়কক মুম্বাইত আজি উপস্থিত হবলৈ আহ্বান জনাইছে

ইফালে আঘাৰী চৰকাৰখনৰ দলৰ নেতা সকলৰ ক্ৰমে কংগেছৰ গোলাম নৱী আজাদ, এনচিপিৰ শাৰদ পাৱাৰ আৰু শিৱসেনাৰ নেতা তথা মূখ্যমন্ত্রী উদ্ধৱ থাকৰে মিলিত হ'ব এই সভাত আগন্তুক কাৰ্য্পন্হাৰ সম্পর্কেই আলোচনা হ'ব নিশ্চিত

ইয়াকে লৈ কব পৰা যায় যে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী চৰকাৰৰ বাবে সংখ্যাৰ খেল আৰম্ভ হৈছে


মহাৰাষ্ট্ৰ চৰকাৰত অঘটন। ৩৫ বিধায়কৰ সমৰ্থন লৈ বিদ্ৰোহী শিৱসেনা নেতা একনাথ সিন্ধে চুৰাতৰ পঞ্চতাৰকা হোটেলত।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

দ্ৰুপদী মুৰ্মু এনডিএ -ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

আফগানিস্তান ভূমিকম্পত মৃতকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি।